বিয়ানামত অসমীয়া নাৰীৰ জীৱন

Authors

  • উৰ্বশী লাচিত, Scholar

Keywords:

বিয়ানাম, নাৰী, লোকসমাজ, সমাজ সংহতকৰণ, সামাজিকীকৰণ

Abstract

জনসাধাৰণৰ নিভাঁজ মনৰ মধুৰ ভাৱৰাজিৰ মুকলিভাৱে প্ৰকাশ কৰিব পৰা মাধ্যমটোৱেই হৈছে লোকগীত।প্ৰৱাহমান গতিৰে মানৱ সমাজত প্ৰচলিত হৈ থকা সামাজিক প্ৰথাটো হৈছে বিয়া বা বিবাহ।অসমীয়া জাতীয় জীৱনত প্ৰভাৱ বিস্তাৰ কৰা সংস্কৃতিৰ পথাৰখনিত বহুতো উৎসৱ-পাৰ্বন,ৰীতি-নীতি,সামাজিক লোকাচাৰ প্ৰচলন।এই সমূহৰ ভিতৰত বিবাহ পৰম্পৰাটো অন্যতম।বিবাহত প্ৰচলিত গীত-মাত বোৰকেই বিয়ানাম বুলি জনা যায়।বিয়ানামৰ প্ৰচলন অতি পুৰণি। বিয়ানামবোৰ অসমৰ জাতীয় জীৱনৰ এক অমূল্য সম্পদ তথা অসমীয়া লোকগীত আৰু লোকসাহিত্যৰ আপুৰুগীয়া সম্পত্তি।অসমীয়া বিবাহ অনুষ্ঠানৰ কোমলতা আৰু অনুভূতিৰ লগতে অবাৰিত কল্পনা শক্তি,চিন্তাৰ গভীৰতা আৰু মনোৰম প্রকাশভংগী আদি বিয়ানামবোৰতে পোৱা যায়।অসমীয়া ভাষীসকলৰ উপৰিও অন্যান্য জনগোষ্ঠীসমূহৰ মাজতো এই পৰম্পৰা প্ৰচলিত।

                 সমাজ এখনৰ বাবে দাপোণস্বৰূপ হৈছে সেই সমাজখনৰ সংস্কৃতি।ইতিহাসৰ পাত লুটিয়ালে অনুমান কৰিব পাৰি আজিও এক অনুপম ৰূপত প্ৰতিভাত হৈ আছে অসমীয়া নাৰীয়ে অসমৰ ঐতিহ্য পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য ভূমিকাৰ কথা।আদিম কালৰে পৰা সংস্কৃতিৰ পথাৰখনত নাৰীৰ অৱদান উল্লেখনীয়।অসমীয়া বিবাহত প্ৰচলিত প্ৰায় সকলো লোকাচাৰেই নাৰীকেন্দ্ৰিক।নাৰী আৰু পুৰুষ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।যেনেকৈ ইয়াৰ যৌথ প্ৰচেষ্টাত সমাজ একোখন চলে ঠিক সেইদৰে,অসমীয়া লোকসংস্কৃতি ভৰাঁলটোৱেও আমাক মেটমৰা কৰি ৰখাত সহায় কৰিছে।ইয়াৰে এক নিৰ্দশন হৈছে অসমীয়া নাৰীৰ কণ্ঠত প্ৰাণপোৱা এক চিৰসেউজ গীত "বিয়ানাম"।এই নামত পৰিস্ফুট হৈছে অসমীয়া নাৰীয়ে সমাজ নিয়ন্ত্ৰণ,সমাজীকৰণ,সমাজ সংহতকৰণ আদি বিভিন্ন দিশত পুৰুষৰ সৈতে সহযোগিতা আগবঢ়াই মূখ্য ভূমিকা পালন কৰাৰ দৃশ্য।নাৰীসুলভ কোমলতা আৰু অনুভূতি প্ৰৱণতাৰ বাবেই বিয়া উৎসৱৰ বিভিন্ন কাৰ্য ক্ৰমণিকাত বিয়ানামৰ ৰচয়িত্ৰী সকলে স্বকীয় কবিত্বশক্তিৰে বিধে বিধে গীত ৰচনা কৰি প্ৰতিভাৰ নিদৰ্শন দাঙি ধৰা দেখা পোৱা যায়।এক কথাত বলৈ লে নাৰীমনস্তত্ত্ব আৰু নাৰীজীৱনৰ বিচিত্ৰ চিত্ৰণ প্ৰতিফলন ঘটিছে এই বিয়ানামৰ মাজেদি।বৰ্তমান অসমত বিলুপ্তিপথেৰে গৈ থকা বিয়ানামবোৰৰ সমল নিয়ত ৰক্ষয়িত্ৰী হিচাপে বিবেচিত এক বৃহৎ সংখ্যক নাৰীৰ ছবিখন আগত ৰাখি আৰু লগতে অসমীয়া সংস্কৃতিত নাৰীৰ ভূমিকা অৱদান তাৰ প্ৰতি লক্ষ্য ৰাখি "বিয়ানামত অসমীয়া নাৰীৰ জীৱন" এই বিষয়টোৰ ওপৰত অৱলোকন কৰা হৈছে।

Downloads

Download data is not yet available.

References

গগৈ,ড° লীলা --অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা ( পৃষ্টা - ২২৫ )

দেৱী ,অকণ -- অসমীয়া সমাজৰ বিবাহ পদ্ধতি আৰু বিয়ানাম

বৰা ,ড° ৰাজশ্ৰী -পঞ্চকলা আলোচনী,অসমৰ লোকসংস্কৃতিত অসমীয়া নাৰীৰ স্বৰূপ বিশ্লেষণ ( পৃষ্টা - ৫ )

শইকীয়া,ড° অনিল - বৰভেঁটি আলোচনী, বিয়ানামঃনাৰীৰ বুকুৰ সম্বাদ ( পৃষ্ঠা ৯৮ )

ৰাভা,চক্ৰধৰ: বিকালি কলেজ-- অসমীয়া লোকগীতৰ এটি চমু অৱলোকন http://bikalicollege.digitallibrary.co.in/bitstream/123456789/224/3/BIKALIAN%209_%20Pt-3.pdf

গোস্বামী,ড° ভূগুমোহন - সংস্কৃতি আৰু লোকসংস্কৃতি ( পৃষ্টা - ৫ )

Downloads

Published

28-04-2024

How to Cite

লাচিত উ. (2024). বিয়ানামত অসমীয়া নাৰীৰ জীৱন. Journal of Cultural Research Studies, 3(1), 11–22. Retrieved from https://culturalstudies.in/journal/index.php/JCRS/article/view/50

Issue

Section

Articles

Similar Articles

You may also start an advanced similarity search for this article.